মিছন প্ৰকৃতি | Mission Prakriti (Assamese)
বিদ্যালয়সমূহ আৰু সমাজক বহনক্ষম ভৱিষ্যতৰ দিশে পৰিৱর্তন কৰা- সকলো জীৱৰ বাবে আমাৰ পৃথিৱীখনক এক উন্নত স্থানলৈ ৰূপান্তৰ কৰাৰ দিশে সদায়ে নিজৰ বৰঙণি যোগাবলৈ বিচাৰি আছিলে নেকি? আপুনি বাৰু এক বহনক্ষম ভৱিষ্যতৰ সৃষ্টি কৰিবলৈ ইচ্ছুক কিন্তু কৰ পৰা আৰম্ভ কৰিব সেয়া নাজানে?
A Self-paced Course By : WWF-INDIA
This course includes:
পাঠ্যক্ৰমৰ গঠন / Course Structure
১ম এককঃ পাতনি
১.২ মিছন প্ৰকৃতি পাতনি (ভিডিঅ)
১.৩ কায্যৱলী
১.৪ পৰীক্ষণ
২য় এককঃ প্ৰকৃতি অনুসন্ধান
২.১ প্ৰকৃতি আৰু প্ৰকৃতি (ভিডিঅ)
২.২ ভাৰতৰ জৈৱ বৈচিত্ৰ মেপ কিদৰে ব্যৱহাৰ কৰিব ৷
২.৩ প্ৰকৃতি, প্ৰকৃতি, সকলোতে (ভিডিঅ)
২.৪ জৈৱ বৈচিত্ৰ কিদৰে নিৰীক্ষণ আৰু টোকা প্ৰস্তুত কৰিব (ভিডিঅ)
২.৫ কুইজ
৩য় এককঃ বিদ্যালয়ত প্ৰকৃতি সেৱা
৩.১ গ্ৰীণ অডিট্ কি দৰে কৰা যায়? (শ্লাইড্ শ্ব’)
৩.২ কার্য–পন্থা কিদৰে প্ৰস্তুত কৰিব আৰু সমস্যাৰ সমাধান কিদৰে কৰিব (শ্লাইড শ্ব’)
৩.৩ কইজ
৪র্থ এককঃ সমাজত প্ৰকৃতি সেৱা
৪.১ সেউজমুখী পৰিৱেশ সৃষ্টিত সমাজৰ অৰিহণা (ভিডিঅ), সামাজিক অডিট্ কিদৰে কৰা হয় (শ্লাইড্ শ্ব’)
৪.২ সামাজিক কার্য্যৱলী কিদৰে পৰিকল্পনা কৰা হয় (শ্লাইড্ শ্ব’)
৪.৩ কুইজ ৷
What you will learn
আপুনি কি শিকিব? / What will you learn?
১৷ আপোনাৰ চাৰিওকাষৰ প্ৰাকৃতিক পৃথিৱীখন অনুসন্ধান, নিৰীক্ষণ, বোধন সংযুক্ত হবলৈ ৷
২৷ বহনক্ষমতাৰ বাবে দৈনিন্দন কৰণীয় স্বভাৱ আৰু আচৰণ বিধি
৩৷ বহনক্ষমতালৈ ব্যক্তিগত আৰু সামুহিক কার্য্যৰ দ্বাৰা কিদৰে বৰঙণি আগবঢ়োৱা যায় সেই বিষয়ে আলোচনা আৰু চিন্তন কৰিব পাৰিব ৷
৪৷ বহনক্ষম বিদ্যালয় আৰু সমাজ সৃষ্টিৰ বাবে বাস্তৱমুখ ধাৰণা আৰু সমাধানৰ উপায় উদ্ভাৱন
৫৷ অন্যসকলক কার্য্য কৰিবলৈ উৎসাহিত কৰা পৰিৱেশদূত হোৱা ৷
Course Description
এক বৈপ্লবিক যাত্ৰা, মিছন প্ৰকৃতি এনে এক মাধ্যম যত আপুনি ব্যক্তিগত তথা সমুহীয়া ভাৱে বহনক্ষম পৃথিৱীৰ সৃষ্টিত অৰিহনা যোগাব পাৰে ৷ এই মিছনৰ জৰিয়তে প্ৰকৃতি আৰু মানুহৰ সমন্বয়ৰ ভৱিষ্যত গঢ় দিবলৈ আপুনি সহায় কৰিব পাৰে ! আপোনাৰ ভিতৰৰ সেউজ নায়কক সাজু কৰাৰ সময় আহি পৰিছে আৰু এটি এটি পদক্ষেপেৰে পৃথিৱীক সুৰক্ষা প্ৰদান কৰক ৷ আপোনাৰ মিছন প্ৰকৃতি আৰম্ভ কৰিবলৈ ইয়াত ক্লিক্ কৰক৷
মিছন প্ৰকৃতি কিয়?/Why Mission Prakriti ?
মিছন প্ৰকৃতিলৈ স্বাগতম৷ ই সেউজমুখী বিদ্যালয় আৰু সমাজ তথা বহনক্ষম পৃথিৱী গঢ় দিবলৈ ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত হোৱা অভিযান ৷
আপোনালোকৰ নিজ বিদ্যালয়ত আৰু সমাজত নিজ নিজ মিছন প্ৰকৃতিৰ আৰম্ভ কৰিবলৈ আপোনালোকক সাজু কৰাৰ অর্থে এই পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে ৷ পাঠ্যক্ৰমৰ চাৰিটাকৈ ভাগত আপোনালোকে মিছন প্ৰকৃতিৰ নীতিসমূহৰ বিষয়ে ধাৰণা লাভ কৰিব আৰু জানিব পাৰিব কিদৰে দেশৰ জৈৱ-বৈচিত্ৰৰ বিষয়ে খৰচি মাৰি বুজিব পৰা যায়, কিদৰে আমাৰ চাৰিওকাষৰ প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰিব পাৰি, সেউজমুখী বিদ্যালয়ৰ গঢ় দিবলৈ সমগ্ৰ-বিদ্যালয় কিদৰে অৱলম্বন কৰা যায় আৰু নিজে আহৰণ কৰা জ্ঞানৰ প্ৰসাৰ কৰি তাক প্ৰয়োগ কৰা হয় কিদৰে আৰু নিজৰ সমাজ কিদৰে সেউজমুখী কৰা হয় ৷
কিদৰে মিছন প্ৰকৃতিত যোগদান কৰা যায় ? / How can one join Mission Prakriti?
জীৱন নির্বাহৰ হেতু আমি আৰু অন্য সকলো জীৱই আমাৰ গ্ৰহটোৰ ওপৰত নির্ভৰশীল ৷ কিন্তু দুখৰ বিষয় যে মানুহৰ কার্য্যৰ দ্বাৰা ভূমি, জল আৰু বায়ু প্ৰদূষিত হৈছে, একাধিক প্ৰাণীৰ আবাসভূমি লুপ্ত হৈছে আৰু বহু প্ৰজাতিৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাবলৈ ধৰিছে৷
কিন্তু সকলো শেষ হোৱা নাই ৷ কাৰণ আমি পৰিৱর্তন আনিব পাৰো৷ আমি প্ৰত্যেকেই পৰিৱর্তন আনিব পাৰো আৰু সামুহিক ভাৱে আন সকলোৰে সৈতে লগ আমাৰ ক্ষুদ্ৰ প্ৰয়াস সমূহ বৃহৎ কার্য্যলৈ ৰূপান্তৰ কৰি আমাৰ পৰিৱেশৰ আমূল পৰিৱর্তন সাধন কৰিব পাৰো ৷
মিছন প্ৰকৃতিয়ে বিদ্যালয়ৰ শিক্ষার্থীসকলক সেউজমুখী বিদ্যালয় গঢ় দিয়া আৰু সমাজক সেউজমুখী কৰাৰ দিশত তৈয়াৰ কৰে ৷
উঠি অহা প্ৰজন্মৰ শিক্ষার্থীসকলৰ মানসিকতা গঢ় দি বিদ্যালয় সমূহে আমাৰ ভৱিষ্যত গঢ় দিয়াৰ দিশে উল্লেখনীয় ভূমিকা পালন কৰে ৷ বন্ধু, সহপাঠী আৰু জ্যেষ্ঠসকলৰ দ্বাৰা গঠিত এখন সমাজ বিদ্যালয়ত পোৱা হয় ৷ যাৰ সহায়েৰে শিক্ষার্থীসকলে পৰিৱেশৰ ওপৰত আমাৰ প্ৰভাৱ, পৰিৱর্তনৰ বাবে সমর্থন গোটোৱা আৰু সেউজমুখী বিদ্যালয় স্থাপনৰ বাবে অভিযান আৰম্ভ কৰিব পাৰে ৷ ইয়াৰ পিছত শিক্ষার্থীসকলে স্থানীয় সমাজসমূহক সেউজ সমাজলৈ পৰিৱর্তন কৰিবলৈ হাতত লোৱা প্ৰচেষ্টা সমূহৰ প্ৰসাৰ কৰিব পাৰিব ৷ সেয়ে মিছন প্ৰকৃতিৰ যাত্ৰাত তিনিটা পদক্ষেপ থাকে – প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰা, সেজউমুখী বিদ্যালয় স্থাপন কৰা আৰু সেউজমুখী সমাজ স্থাপন কৰা৷
এই সময়ছোৱাত হোৱা আপোনালোকৰ উপলব্ধিসমূহে বহনক্ষম বিকাশ লক্ষ্যলৈ অৰিহনা যোগাব – যি ২০১৫ ত সংযুক্ত ৰাষ্ট্ৰৰ সদস্য দেশ সমূহৰ দ্বাৰা গ্ৰহণ কৰা কিছুমান উদ্দেশ্য আৰু লক্ষ্যৰ সমষ্টি ৷ বহনক্ষম বিকাশ লক্ষ্যসমূহে দৰিদ্ৰতা নির্মূলকৰণ, গ্ৰহটোৰ সুৰক্ষা আদি লক্ষ্য গ্ৰহণ কৰি ২০৩০ ৰ ভিতৰত সকলোৰে বাবে শান্তি আৰু সমৃদ্ধি সুনিশ্চিত কৰিবলৈ লক্ষ্য হাতত লৈছে ৷
A Framework That Puts ‘You’ At the Heart of Environmental Action/ পাৰিপাশ্বিক কার্যৰ কেন্দ্ৰত আপোনাক স্থাপন কৰা এক ব্যৱস্থা –
মিছন প্ৰকৃতিৰ সদস্য হৈ আপুনি প্ৰকৃতিৰ নায়ক, হোৱাৰ দিশে যাত্ৰা আৰম্ভ কৰিব পাৰিব ৷ নিজৰ সহপাঠী, শিক্ষক, অভিভাৱক তথা ৰাইজৰ সৈতে কৰিব পৰা বাস্তৱসাধ্য আঁচনি আৰু কার্য্যৱলীৰ বাবে আপুনি মিছন প্ৰকৃতি হাতপুথিখনিৰ সহায় লব পাৰে ৷ এইখন সেউজ অভিযান দ্ৰুততৰ কৰিবলৈ আপোনাৰ সমল হব ৷
আপুনি পৰিৱর্তন আনিব পাৰে ৷ মিছন প্ৰকৃতিত যোগদান কৰিবলৈ ইয়াতে ক্লিক্ কৰিব!
এখনি বহনক্ষম পৃথিৱীৰ দিশে মিছন প্ৰকৃতিৰ যাত্ৰা আৰম্ভ হয় ব্যক্তিগত কার্যৰ দ্বাৰা আৰু ই বিদ্যালয় আৰু পিচলৈ সমগ্ৰ সমাজলৈ প্ৰসাৰিত হয় ৷ আপোনাৰ মিছন তিনিটা স্তৰত আগুৱাব –
১৷ আমাৰ দেশৰ চিনাকি / Knowing Our Country
বিশ্বৰ ৭-৮% প্ৰজাতিৰ আবাসভূমি ভাৰত ৷ আমাৰ এই বৃহৎ ভিন্নতাৰ দেশ বহু স্থানীয় প্ৰজাতিৰ পৰিপূর্ণ যিবোৰ পৃথিৱীৰ আন কোনো স্থানতে উপলব্ধ নহয় ৷ আপুনি জানেনে কি কি প্ৰজাতি এইবোৰ ? যিবোৰ প্ৰাণীৰ বিষয়ে আমি জ্ঞাত, সেইবোৰক সুৰক্ষা দিয়া আৰু যত্ন কৰাৰ প্ৰৱণতা অধিক হয় ৷ সেয়ে, মিছন প্ৰকৃতিত আপোনাৰ প্ৰথম পদক্ষেপটো হব নিজৰ দেশৰ সমৃদ্ধ জৈৱ বৈচিত্ৰৰ বিষয়ে জ্ঞান, আপোনাৰ নিজ কার্যৰ দ্বাৰা এই দিশত কেনে প্ৰভাৱ পৰে সেই কথা উপলব্ধি কৰিবলৈ সক্ষম হব আৰু নিজৰ কার্য্যসমূহ অন্য ধৰণে কৰিবলৈ বিচাৰ কৰিব পাৰিব ৷
২৷ আমাৰ সেউজ বিদ্যালয় / Our Green School
মিছন প্ৰকৃতিৰ দ্বাৰা আপুনি বিদ্যালয়ক এখনি পৰিৱেশ অনুকূল স্থানলৈ ৰূপান্তৰ কৰিব পাৰিব ৷ এই অভিযানে পৰিৱেশ অনুকূল স্বভাৱ গঢ় দিয়াত সহায় কৰে যাৰ দ্বাৰা এক বহনক্ষম জীৱন যাপনৰ অর্থে আমি আমাৰ আচৰণ আৰু সিদ্ধান্ত সমূহ লব পাৰো ৷ শিক্ষার্থীসকল, অভিভাৱক কর্মচাৰী বৃন্দ, শিক্ষকবৃন্দ আৰু স্থানীয় ৰাইজৰ সহযোগীতাত সেউজমুখী বিদ্যালয় গঢ় দিয়াৰ দিশত এই মিছনে ৩৬০০ধাৰণা প্ৰয়োগ কৰে ৷
৩৷ আমাৰ সেউজ সম্প্ৰদায়সমূহ / Our Green Communities
আপুনি আহৰণ কৰা জ্ঞানৰ প্ৰসাৰ ঘটাই সমাজত ইয়াৰ প্ৰয়োগ কৰাটো মিছন প্ৰকৃতিৰ তৃতীয় স্তৰত প্ৰয়োজন হব ৷ কেৱল নিজ বিদ্যালয়তে সীমিত নাথাকি মিছন প্ৰকৃতিয়ে আপোনাক পৰিয়াল আৰু চুবুৰী তথা সমগ্ৰ সমাজতেই পৰিৱেশ দূত হবলৈ উৎসাহিত কৰে ৷ তেতিয়া সমাজৰ সকলো সদস্যই সেউজ স্থান সৃষ্টি কৰাৰ গুৰুত্ব বুজি উঠিব তেতিয়া তেওঁলোকে তেনে স্থান গঢ় দিবলৈ অৰিহনা যোগাব পাৰিব আৰু সমাজক সেউজমুখী সমাজলৈ ৰূপান্তৰিত কৰিবলৈ পদক্ষেপ লব পাৰিব ৷